Anjanjyoti Baruah অঞ্জনজ্যোতি বৰুৱা's Album: Wall Photos

Photo 1 of 10 in Wall Photos

প্ৰেছ বিবৃতি

লাডাখৰ গলৱান অঞ্চলত আমাৰ ২০ জন ভাৰতীয় বীৰ জোৱানৰ বলিদানত আমি ভাৰত ৰক্ষা মঞ্চ, অতি মৰ্মাহত হৈছো, শোকগ্ৰস্ত হৈছো। বীৰ জোৱানসকললৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছো,
লগতে মহান বলিদানী সকলৰ পৰিয়াললৈ
গভীৰ সমবেদনা জনাইছো।

যি চীনে নিজৰ দেশত লাখ লাখ মানুহ corona ৰোগত মৃত্যু হোৱাৰ পাছতো চাৰি পাঁচ হাজাৰ মত্যু হোৱা বুলি কব পাৰে, তেন্তে সীমান্তত ভাৰতীয় সেনাৰ হাতত মৃত্যু হোৱাদুৰ্বল চীনা সৈনিকৰ প্ৰকৃত সংখ্যা ৰাজহুৱা ভাবে কব জানো ?

মাননীয় প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু প্ৰতিৰক্ষামন্ত্ৰী মহাশয়, দেশৰ জনতাৰ মনৰ ক্ষোভক অনুভৱ কৰক ! সমগ্ৰ দেশতে চীনৰ কোম্পানীক দিয়া নিৰ্মাণৰ সকলো ঠিকা তথা ব্যৱসায়িক চুক্তি বাতিল কৰক। ভাৰতীয় কোম্পানীসমূহত চীনে ষড়যন্ত্ৰমূলক ভাৱে কৰা বিনিয়োগক প্ৰতিহত কৰক, তাৰ সলনি উক্ত ভাৰতীয় কোম্পানীসমূহত ভাৰত চৰকাৰে বিনিয়োগ কৰক।

চীনত নিৰ্মিত তথা উৎপাদিত সামগ্ৰীৰ বিৰুদ্ধে
সমগ্ৰ দেশক সাজু কৰক। চীনত নিৰ্মিত তথা উৎপাদিত সামগ্ৰীৰ সমতুল্য সামগ্ৰী নিৰ্মাণ কৰা
ভাৰতীয় কোম্পানী তথা ইচ্ছুক ভাৰতীয় কোম্পানীৰ কৰ ৰেহাই দি তেওঁলোকৰ মনোবল বঢ়াওক।

মাননীয় প্ৰধানমন্ত্ৰী মহাশয়, মাননীয় সেনাধ্যক্ষ মহাশয়, চীনৰ উচতনিমূলক কুটিল অগ্ৰাসনৰ বিৰুদ্ধে পৰাক্ৰমেৰে সমুচিত প্ৰত্যুত্তৰ দিয়ক।

চীনত নিৰ্মিত তথা উৎপাদিত সামগ্ৰীৰ বহিস্কাৰ কৰাটো যিমান গুৰুত্বপূৰ্ণ, তাতোকৈ ভাৰতত থাকি চীনৰ বিচাৰধাৰাৰ অন্ধ অনুসৰণকাৰী সকলক দেশৰ পৰা বহিস্কাৰ কৰাটো অধিক গুৰুত্বপূৰ্ণ।

ইতি

অঞ্জনজ্যোতি বৰুৱা
কাৰ্য্যালয় মন্ত্ৰী
ভাৰত ৰক্ষা মঞ্চ, অসম প্ৰদেশ