Anjanjyoti Baruah অঞ্জনজ্যোতি বৰুৱা's Album: Wall Photos

Photo 7 of 10 in Wall Photos

ভাৰত ৰক্ষা মঞ্চৰ গৌৰৱোজ্জ্বল দহ বছৰ

* ভাৰত ৰক্ষা মঞ্চৰ স্থাপনা ২৭ জুন ২০১০ ভাৰত ৰক্ষা মঞ্চৰ সংস্থাপক তথা ৰাষ্ট্ৰীয় সংগঠন মন্ত্ৰী মাননীয় সূৰ্যকান্ত জী কেলকৰৰ দ্বাৰা ভূপালত আয়োজিত 'বাংলাদেশী অনুপ্ৰৱেশৰ এক ৰাষ্ট্ৰীয় সংকট' শীৰ্ষক বিষয়ত আয়োজিত এক আলোচনা চক্ৰৰ জড়িয়তে হৈছিল।

* ভাৰত ৰক্ষা মঞ্চ, বাংলাদেশী অনুপ্ৰৱেশ সমস্যাক কেন্দ্ৰ কৰি ইয়াৰ সমাধানৰ বাবে প্ৰতিষ্ঠা হৈছিল।

* 'মুখৰ হিন্দু প্ৰখৰ ৰাষ্ট্ৰ' ভাৰত ৰক্ষা মঞ্চৰ ধ্যেয় বাক্য হয়, ভাৰত মাতা আৰাধ্য হয় তথা ছত্ৰপতি শিৱাজী মহাৰাজ আমাৰ প্ৰেৰণাস্তোত্ৰ হয়।

* বাংলাদেশী মুছলমান দেশত অনুপ্ৰৱেশৰ ফলত বিপদাপন্ন সামাজিক, জনসংখ্যা আৰু আৰ্থিক সন্তুলনৰ বাবে যি ৰাষ্ট্ৰীয় সংকটৰ যি স্থিতি উৎপন্ন হৈছে তাক শুধৰাবলৈ ভাৰত ৰক্ষা মঞ্চ‌ই নিৰন্তৰ প্ৰয়াস কৰি আছে।

* এখন এখন কৰি আন্দামান নিকোবৰ সহিতে দেশৰ প্ৰায়বোৰ ৰাজ্যতে সংগঠনৰ বিস্তাৰ ঘটিছে আৰু জিলা প্ৰদেশ আৰু ৰাষ্ট্ৰীয় কাৰ্যকাৰিণীৰ গঠন হৈছে।

* সংগঠনাত্মক গতি বিধি অব্যাহত আছে যত সদস্যতা, কাৰ্যকৰ্তা সন্মিলন, অভ্যাস বৰ্গ, প্ৰদেশ আৰু ৰাষ্ট্ৰীয় কাৰ্যকাৰিণীৰ বৈঠক তথা ৰাষ্ট্ৰীয় অধিৱেশন সমূহত মঞ্চৰ সংগঠনাত্মক গতিবিধি আৰু শক্তি নিৰন্তৰ বাঢ়িব ধৰিছে

* ভাৰত ৰক্ষা মঞ্চ‌ই ছত্ৰপতি শিৱাজী মহাৰাজ, স্বতন্ত্ৰবীৰ সাভাৰকাৰ লগতে অসমৰ মহাবীৰ লাচিত বৰফুকন আৰু মহাবীৰ চিলাৰায়ৰ জয়ন্তী পালন কৰিছে।

* বাংলাদেশী মুছলমান অনুপ্ৰৱেশ সম্পৰ্কত জনজাগৰণৰ বাবে অনেক স্থানত, আলোচনা চক্ৰ, প্ৰচাৰ পত্ৰ বিতৰণ, সাংবাদিক মেল, ধাৰ্ণা প্ৰদৰ্শন, জন জাগৰণ যাত্ৰা আদি আয়োজন কৰি উপযুক্ত কতৃপক্ষক স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত মধ্যপ্ৰদেশৰ সকলো জিলাত ২০১২ চনত আয়োজিত জনজাগৰণ যাত্ৰা অত্যন্ত সফল হৈছিল আৰু ২০১৭ চনত দিল্লীৰ যন্তৰ মন্তৰত দিয়া ধাৰ্ণা বিভিন্ন দিশত অত্যন্ত গুৰুত্বপূৰ্ণ আছিল।

* যেতিয়া ভাৰত ৰক্ষা মঞ্চৰ গঠন হৈছিল তেতিয়া অনেক লোকে মঞ্চক উপহাস কৰি কৈছিল যে ভাৰত ৰক্ষা মঞ্চ‌ই এক পূৰ্বতে হাৰি যোৱা যুদ্ধ যুজিবলৈ লৈছে। যি দেশত কোটিৰ সংখ্যাত বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰী আছে, যি দেশত প্ৰায়বোৰ ৰাজনৈতিক দলেই বাংলাদেশী মুছলমানৰ ভোটৰ লোভত সিহতক তুষ্টিকৰণ আৰু সংৰক্ষণ দিয়ে, যত ভ্ৰষ্ট তন্ত্ৰ‌ই কেইটামান টকাৰ লোভত সিহতক ভাৰতীয় নাগৰিকৰ পৰিচয় পত্ৰ প্ৰদান কৰে তাত ভাৰত ৰক্ষা মঞ্চ‌ই কিদৰে সমাধান কৰিব পাৰিব।

* কিন্তু ভাৰত ৰক্ষা মঞ্চ‌ই এই কামত নিৰন্তৰ লাগি থাকিল। ইয়াত সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল দৈনিক অব্যাহত থকা অবৈধ বাংলাদেশী মুছলমান অনুপ্ৰৱেশ প্ৰত্যাহত কৰা, অনুপ্ৰৱেশকাৰীৰ মাজত অহা যিসকল হিন্দু হয়, যিসকলে বাংলাদেশত প্ৰতাৰিত হৈ নিজৰ প্ৰাণ আৰু ধৰ্ম ৰক্ষা কৰিবলৈ আহিছে, তেওলোকে ভাৰতীয় নাগৰিকত্ব কিদৰে লাভ কৰে এই সম্পৰ্কীয় কামত অগ্ৰসৰ হোৱা আৰু দেশত অবৈধ ভাৱে থকা বাংলাদেশী মুছলমানক চিনাক্ত সুনিশ্চিত কৰা।

* ভাৰত ৰক্ষা মঞ্চ‌ৰ নিৰন্তৰ প্ৰয়াস তথা ২০১৪ গঠন হোৱা ৰাষ্ট্ৰবাদী কেন্দ্ৰীয় চৰকাৰৰ সংকল্পৰ বাবেই আজি ভাৰত বাংলাদেশৰ মাজত সীমাৰ প্ৰকৃত ৰেখাংকণ কৰি কাটাতাৰৰ বেৰ দিয়াৰ কাম সমাপ্ত হোৱাৰ পথত। সীমান্তত পথ নিৰ্মাণ হৈছে, সীমান্তত সশস্ত্ৰ বাহিনীৰ পহৰা চকী স্থাপন হৈছে, লেজাৰ কেমেৰা আৰু ফ্লাড লাইট সংস্থাপিত হৈছে যাৰ ফলত দৈনিক হৈ থকা অনুপ্ৰৱেশ, গৰুৰ চোৰাং সৰবৰাহ, নাৰী সৰবৰাহ, নিচাযুক্ত দ্ৰব্য, অস্ত্ৰ শস্ত্ৰ আৰু জালনোটৰ সৰবৰাহ তথা চোৰাং কাৰবাৰ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণাধীন হৈ পৰিছে।

*কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন দেশত প্ৰজোয্য কৰি আমাৰ দেশলৈ অহা হিন্দু, বৌদ্ধ, জৈন, পাৰ্চী আৰু খৃষ্টান শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ পথ প্ৰশস্ত কৰাটো ভাৰত ৰক্ষা মঞ্চৰ এটা প্ৰধান দাবী হয়।

* ১০ বছৰীয়া এই গৌৰৱোজ্বল কালছোৱাত ভাৰত ৰক্ষা মঞ্চৰ প্ৰয়াস আৰু কেন্দ্ৰীয় চৰকাৰৰ সংকল্প শক্তিৰ বাবে সেই কাম সম্ভৱ হোৱাৰ পথত যি কাম দেশৰ জনতাই অসম্ভৱ বুলি জ্ঞান কৰিছিল আৰু উপহাস কৰিছিল। আজি দেশে এইবুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে অবৈধ বা‌ংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ আৰু বিতাড়ণ সম্ভৱ। আমি ভাৰত চৰকাৰক দাবী জনাইছো অনুপ্ৰৱেশ বিৰোধী এক কঠোৰ আইন প্ৰণয়ন কৰক তথা অনুপ্ৰৱেশৰ কাৰীক চিনাক্ত কৰি বহিস্কাৰ কৰক ।

* এই দাবী সমূহৰ উপৰিও ভাৰত ৰক্ষা মঞ্চ‌ই জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা, সমান নাগৰিকতা আইন প্ৰণয়ন কৰা, জম্মু কাশ্মীৰৰ পৰা ধাৰা ৩৭০ আৰু অনুচ্ছেদ ৩৫-A বিলোপ কৰা, অযোধ্যাত প্ৰভু শ্ৰী ৰামৰ ভব্য মন্দিৰ নিৰ্মাণ কৰা, তিনি তালাকৰ নিচিনা কুপ্ৰথা সমাপ্ত কৰা,হিন্দু মন্দিৰ তথা ন্যাসৰ আমদানি চৰকাৰী নিয়ন্ত্ৰণ মুক্ত কৰা, শিক্ষাৰ ভাৰতীয়কৰণ কৰা, সাংবিধানিক ভাৱে ভাৰতক হিন্দুৰাষ্ট্ৰ ঘোষণা কৰা আদি দাবীও আছে।

* আমি সুখী যে ২০১৪ চনত কেন্দ্ৰত গঠন হোৱা ৰাষ্ট্ৰবাদী চৰকাৰ আমাৰ অনেক দাবী যেনে জম্মু কাশ্মীৰৰ পৰা ধাৰা ৩৭০ আৰু অনুচ্ছেদ ৩৫-A বিলোপ কৰা, অযোধ্যাত প্ৰভু শ্ৰী ৰামৰ ভব্য মন্দিৰ নিৰ্মাণ কৰা, তিনি তালাকৰ নিচিনা কুপ্ৰথা সমাপ্ত কৰা, নাগৰিকতা সংশোধনী আইন, অসম বাংলেদেশ উন্নত প্ৰযুক্তি সহিতে কাটাতাৰৰ বেৰ নিৰ্মাণ কৰা, মানৱ, জালনোট আৰু গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে নিৰ্ণায়ক পদক্ষেপ গ্ৰহন কৰিছে আৰু অন্যান্য কিছুমান বিষয়ত ধনাত্মক প্ৰগতি লাভ কৰিছে।

*অসমৰ বড়ো তথা অন্যান্য জনজাতিক ভাৰত ৰক্ষা মঞ্চ‌ই বুজনি দিছে যে অসমীয়া অনাঅসমীয়া সমস্যাতকৈও ডাঙৰ সমস্যা হল ভাৰতীয় আৰু অভাৰতীয় সমস্যা হয়।

* ২০১৬ চনত অসমত ৰাজ্য চৰকাৰ সলনি হল আৰু অসম বাংলাদেশ সীমান্তত কাটাতাৰৰ বেৰৰ কাম সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে।

* ভাৰত ৰক্ষা মঞ্চ‌ই কেন্দ্ৰীয় চৰকাৰক নাগৰিকত্ব প্ৰজোয্য কৰিবলৈ অনেক স্মাৰকপত্ৰ প্ৰদান কৰিছে যাৰ ফল ২০১৯ চনত লাভ কৰিছো।

* দেশৰ অৰ্থনীতিৰ সমান্তৰালকৈ দেশত হালাল অৰ্থনীতি পায়োভৰ ঘটিব ধৰা দেখা পোৱা গৈছে। ইয়াৰ ফলত দেশত মুলসুতিৰ অৰ্থনীতিত গভীৰ সংকট নামিব ধৰিছে। এই হালাল অৰ্থনীতি ব্যৱস্থা এক প্ৰকাৰ জোৰকৈ অমুছলমান সকললৈ ঠেলি দিয়া হৈছে। যাক ভাৰত ৰক্ষা মঞ্চ‌ই প্ৰবল বিৰোধিতা কৰে। জনজাগৃতি আৰু প্ৰয়োজন হলে গণ আন্দোলনৰ মাধ্যমেৰে এই হালাল পদ্ধতিক ইছলামৰ অনুসৰণকাৰীৰ বাহিৰে আন কোনো লোকক যাতে ঠেলি দিয়া নহয় এই দাবী লৈ অনাগত দিনত ভাৰত ৰক্ষা মঞ্চ আগবাঢ়ি যাব।

* হিন্দুসকল মুখৰ হলেহে আমি প্ৰখৰ ৰাষ্ট্ৰৰ স্থাপনা কৰিব পাৰিম। ইয়াৰ বাবে হিন্দু সকলৰ আত্মবিশ্বাস বঢ়োৱা তথা বৌদ্ধিক আৰু আৰ্থিক দিশত সবল কৰি তুলিবলৈ ভাৰত ৰক্ষা মঞ্চ‌ই নিৰন্তৰ কৰি যাব।

আমাৰ দাবী আৰু সংকল্প

* অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰাৰ বাবে সমগ্ৰ দেশতে NRC উন্নীত কৰক।

* জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰক।

* সমান নাগৰিক সংহিতা বলবৎ কৰক।

* হিন্দু মন্দিৰ তথা ন্যাসৰ আমদানি চৰকাৰী নিয়ন্ত্ৰণ মুক্ত কৰক।

* শিক্ষাৰ ভাৰতীয়কৰণ কৰক।

* সাংবিধানিক ভাৱে ভাৰতক হিন্দুৰাষ্ট্ৰ ঘোষণা কৰক।

এই দাবীসমূহৰ সমৰ্থনত ভাৰত ৰক্ষা মঞ্চ‌ই নিজৰ সংগ্ৰাম অব্যাহত ৰাখিব তথা এই দাবীসমূহৰ সম্পৰ্কত চৰকাৰ প্ৰশাসনৰ নিৰ্ণায়ক শক্তি সমূহৰ ওপৰত জনতা তথা আ‌ইনগত চাপ সৃষ্টি কৰিবলৈ ভাৰত ৰক্ষা মঞ্চ‌ সংকল্পিত। ভাৰত মাতাই আমাৰ সকলোৰে পথ প্ৰশস্ত কৰক।

বন্দে মাতৰম

প্ৰতিষ্ঠা দিৱসৰ শুভকামনাৰে-

অঞ্জনজ্যোতি বৰুৱা
কাৰ্যালয় মন্ত্ৰী
ভাৰত ৰক্ষা মঞ্চ, অসম প্ৰদেশ