গোবিন্দ কৃষ্ণ মাধৱ's Album: Wall Photos

Photo 2 of 3 in Wall Photos

#আধৰুৱা_প্ৰেম_কাহিনী

এটি আধৰুৱা প্ৰেম কাহিনীত
নিজকে নায়ক বুলি কল্পনা কৰি লৈছোঁ
পাবলৈ একোকে নাই
তথাপিও সকলো হেৰুৱাবলৈ সাজু আছোঁ।

তেওঁ হ'বগৈ এদিন
কোনোবা চহকী ৰাজকুমাৰৰ অৰ্ধাঙ্গিনী
তেতিয়ালৈকে মইও লিখি যাম
আধৰুৱা হ'লেও এই প্ৰেম কাহিনী।

দিঠকত তেওঁ মোৰ হোৱাৰ
আশাবোৰ ক্ৰমশঃ ক্ষীণ হৈ পৰিছে
সপোনত তেওঁক পাব খুজিলেও
উজাগৰী নিশাবোৰে হেঙাৰ হৈ বাধা দিছে।

মই আগুৱাই আছোঁ এনে এক পথত
যাৰ শেষত গতাব লাগিব মৰমক আনৰ হাতত
অন্তিম হাঁহি এটা তাইক উপহাৰ দি
মই উভতি আহিম নিজৰ মৰাশ দুভৰিত কঢ়িয়াই ।

মই নহয় দুৰ্দান্ত প্ৰেম কাহিনীৰ
ৰাঞ্জা, মজনু অথবা দেৱদাস,ৰোমিঅ'
কিন্তু পৃথিৱীত এটাই আছে গোবিন্দ কৃষ্ণ মাধৱ
সিও অন্তিম উশাহ লৈকে মৰমৰ হৈয়ে থাকিব।