গোবিন্দ কৃষ্ণ মাধৱ's Album: Wall Photos

Photo 3 of 3 in Wall Photos

#তুমি_প্ৰেমত_পৰা_নাই_বুলি_নক'বা

তুমি কাৰো প্ৰেমৰ বান্ধোনত
বান্ধ খাই থকা নাই বুলি মোক নক'বা
তুমি অকলশৰীয়া বুলি জানিলেই তোমাৰ বাবে
মোৰ হৃদয়ত প্ৰেমৰ আগ্নেয়গিৰীৰ উদ্গীৰণ হ'ব।
প্ৰেমৰ জুইকুৰা কিন্তু তুমিয়েই নুমোৱাব লাগিব
বিশেষ একো কষ্ট কৰিব নালাগে
মাত্ৰ কাকো নিদিয়া মৰমৰ বোজাৰে
মোৰ বুকুখনত জোৰকৈ হেঁচা মাৰি ধৰিবা।

তোমাৰ কাকো ভাল নালাগে বুলি মোক নক'বা
নতুবা তোমাৰ মন জয়ী কৰিবলৈ
তোমাৰ দুচকুত নিজকে ভাল লগবাবলৈ
মই সলনি হৈ পৰিম।
তোমাৰ প্রিয় ৰঙৰ কাপোৰ, তোমাৰ প্রিয় বেণ্ডৰ জোতা
তোমাৰ প্রিয় খাদ্য , তোমাৰ প্রিয় গান
সকলো মোৰ প্ৰিয় কৰি লম
বচ মই সম্পূৰ্ণৰূপে তোমাৰ ভাললগা দৰে হ'ম।

তোমাৰ কথা পতাৰ প্রিয় লগ নাই বুলি মোক নক'বা
নতুবা তোমাৰ বাবে মাতাল কবি হৈ
গভীৰ নিশাও উজাগৰে থাকি তোমাৰ ইনবক্সত
মই কিন্তু তোমাৰ নামৰ কবিতাৰে উপচাই পেলাম।

তুমি ফেচবুকত ফটো দিলেই মই love react দিম
তুমি অনলাইন নাহিলেই মই ফোন কৰিব ধৰিম
অ' আৰু যদি তোমাক কোনোবাই জোকাব আহে
পিছত যি হয় হ'ব তাক কিন্তু আধামৰা কৰিহে এৰিম।

তুমিও কিন্তু মোৰ প্ৰচেষ্টাক বাধা দিব নোৱাৰিবা
যিমানেই লাগে আঁতৰি থাকিব চেষ্টা কৰিবা
অৱশেষত মোৰ প্ৰেমত তুমিও পৰিবাই পাৰিবা।

সেয়ে কৈছোঁ তুমি কাৰো প্ৰেমৰ বান্ধোনত
বান্ধ খাই থকা নাই বুলি মোক নক'বা
তুমি অকলশৰীয়া বুলি জানিলেই
তোমাক মোৰ প্ৰেমত মই পেলামেই পেলাম।